মাত

জুবিন গাৰ্গ লৈ।




এই সকলো কোলাহলৰ পৰা ৰিঙিয়াই মাতিবলৈ

মোৰ আপোন মাত এটা আছে

এই সকলো ক্লান্তিৰ পৰা নিচুকাই

সমাজিকত দেখা মুক এখন চহৰলৈ লৈ যাবলৈ


শৈশৱতেই

মোৰ বুকুৰ কোনোবাখিনিত থাপি থৈছোঁ মাতটো

যি মোলৈ চৰাইৰ পাখিৰ পৰা

চুৰ কৰি আনে ধপধপনিবোৰ

গাভিনী মেঘৰ পৰা গাজনিবোৰ

ভোকাতুৰ কেঁচুৱাৰ মুখৰ পৰা কান্দোনবোৰ


এই অচিনাকি যাত্ৰাৰ সহযাত্ৰী হৈ মোৰ এটা চিনাকি মাত আছে

বিৰহৰ সকলো ৰাতি পাবলোৰ পৰা নেৰোডালৈ

চেপলিনৰ পৰা চে গোৱেভালৈ

যি মোৰ সহপাঠী

কিশোৰ বসন্তৰ সমস্ত দুপৰীয়া

যি আছিল মোৰ আত্মাৰ লগৰীয়া


হাঁহিৰ পৰা কান্দোনলৈ

চিৰিয়াচ আলোচনাৰ পৰা পাতলীয়া ধেমালিলৈ টোপনিৰ পৰা পুৱতিলৈ

নিজক হেৰুৱাই হাহাকাৰ কৰাৰ পৰা নিজকে বিচাৰি পোৱালৈ

সকলোখিনিয়েই ভগাই ল'ব পৰাকৈ

বুকুত বাজি এটা মাত আছে


যাৰ আৰম্ভণিহে আছে, শেষ নাই।



No comments:

Post a Comment