"অই চশমিচ.. এইযোৰ খুলি থ'লে তোৰ উশাহ বন্ধ হৈ যাব নেকি হা ?"
এদিন আমনি লাগিল শুনি শুনি একেবোৰ ডয়লগ। কলেজ, কবি সন্মিলন, দেওবৰীয়া আড্ডা, সাহিত্য সভা, গ্রন্থমেলা সকলোতে কেৱল সেইটোৱেই কথা সকলোৰে মুখত। খুলিলোঁ আৰু ৰুমালেৰে দুচকু মোহাৰি মিঠাপুখুৰীৰ দুপৰৰ উতলা পানীলৈ দলিয়াই দিলোঁ চশমাযোৰ। বৰ বেছি ভাবিব লগীয়া একো নাছিল। মোৰ চকুৰ সমস্যা নাছিল। ডাক্তৰে মূৰ বিষৰ উপশম পাবলৈহে সেইযোৰ দিছিল। সিহঁতৰ কথাবোৰ মোৰ বাবে নতুন নহয়। মই দুচকুত আৱৰণ লগালে সিহঁতে বেয়া পায়। কিয় ? সিহঁতেও নাজানে, ময়ো নাজানো। সেই বাবে মই চশমা পিন্ধা দেখিলে সিহঁতে তেনেদৰে কয়। পাছলৈ নুবুজা সাঁথৰৰ ৰস কমিল আৰু প্রতিক্রিয়াও নোহোৱা হ'ল।
চকু দুটা আকৌ মোহাৰি পুখুৰীৰ পানী এছাটি মাৰি দিলোঁ। সিহঁতে কিবা ভেবা লাগি চাই থকা দেখি দুহাতৰ আঁজলিৰে পানী এচলু গোটেইকেইটাৰ গালৈ মাৰি পঠালোঁ। সিহঁতকেইটাই উচাপ খাই উঠিল। ময়ো ভাবিবলৈ বাধ্য হ'লোঁ- পূবালীয়ে কি ক'লেনো? যাৰ বাবে এটা নুবুজা সাঁথৰ নুবুজাকৈয়ে মিঠা পুখুৰীৰ তিতাপানীত লুকাই গ'ল।
"অন্তৰংগতা সদায় চকুত থাকে। এইযোৰ অলপ খুলি থোৱা।"
হঠাৎ কিনো হ'ল জানো, খুলিলোঁ আৰু দলিয়াই দিলোঁ চশমাযোৰ। তাৰ পাছত...
তাৰপাছত অতদিনে যি বিচাৰি ফুৰিছিলোঁ, তাক পাই গ'লোঁ। মই চশমা পিন্ধিলে সিহঁতবোৰে যে কিবা এটাৰ অভাৱত হাহাকাৰ কৰি উঠে, সেয়া অন্তৰংগতা। সঁচাকৈয়ে অন্তৰংগতাই ঘৰ সাজে আপোনজনৰ চকুৱে চকুৱে। তেওঁৰ ৰ'দালি চাৱনিত অন্তৰংগতাই ভালপোৱা ভালপোৱা খেলে; তেওঁৰ বাৰিষাৰ দুচকুত অন্তৰংগতাৰ বৰষুণ নামে। যদি সেয়াই অন্তৰংগতা, তেনেহ'লে মই গাঁও এৰি অহাৰ পাছত অন্তৰংগতাক কিয় দেখা নাই? অন্তৰংগতাৰ ঠিকনা কেৱল সেই চহা জীৱনৰ চকুবোৰহে নেকি? চহৰত নাথাকে নেকি অন্তৰংগতা? ৰিক্সাৱালা, কেফেৰ মালিক, ভাড়াঘৰৰ মালিকৰ দুচকুত কিয় দেখা নাপাওঁ অন্তৰংগতা? সেই যে ল'ৰালিৰ জ্বৰ হোৱা আবেলিটোত ৰহিমলা বাইৰ চকুৰ পানী আৰু মোৰ কপালৰ জ্বৰপটিৰপৰা সৰা টোপ্ টোপ্ পানীবোৰে মোৰ দুগালেৰে বাগৰি তলৰ ওঁঠৰ ফালে ব-দ্বীপ সাজিছিল, সেয়া অন্তৰংগতাৰ অনামি নৈ, হৃদয়ৰ পৰা বৈ আহিছিল। তেওঁতো আমাৰ তেজৰ সম্পৰ্কৰ নাছিল; ঠিক ৰিক্সাৱালাজনৰ দৰে, কেফেৰ, ভাড়াঘৰৰ মালিকৰ দৰে।মই খেতিয়কৰ ল'ৰা, সেয়েহে হয়তো চহৰলৈ বুলি ওলাই আহোঁতে অনুমতিবিহীন অন্তৰংগতা মোৰ দুচকুত লাগি আহিছিল। যাৰ বাবে হাহাকাৰ ইহঁতৰ দৰে নগৰীয়া জীৱন। হাহাকাৰ নকৰিবইবা কিয়? সৰ্বস্ব উপলব্ধ এই মহানগৰত এতিয়া অভাৱ কেৱল প্রেম, ভালপোৱা, বিশ্বাস আৰু অন্তৰংগতাৰ। কেৱল পঢ়া আৰু পঢ়া, নাইনটি নাইন পার্চেন্টেজ আনা, বক্সিং শিকা, ভাল সাঁতোৰবিদ হোৱা, গান গোৱা, অভিনয় শিকা, টাইকোৱাণ্ড শিকা, আর্টচৰ ক্লাছত টপ হোৱা। পুৱা পাঁচ বজাত যোগ ক্লাছ, ছয় বজাত অংক, তাৰ পাছত স্কুল, আবেলি চাৰি বজাত ডান্সৰ, পাঁচ বজাত...। এদিন ডাঙৰ মানুহ হোৱা... ডাক্তৰ, ইঞ্জিনিয়াৰ ইত্যাদি ইত্যাদি। ডাঙৰ মানুহ হোৱাৰ নামত সকলো ডকাইত হোৱা। পৰনিৰ্ভৰশীল মানুহবোৰতো এদিন ডকাইতেই হ'ব।
চোতালত আইতাই কোৱা সেই কথাষাৰ আজিও মনত পৰে, 'বোপা আগেয়ে ভাল মানুহ হ। ডাঙৰ মানুহ হ'বলৈ ভাল মানুহ হোৱাৰ প্ৰয়োজন নাই। টকা পইচাৰ অভাৱ এদিন পূৰাব পাৰিবি কিন্তু মৰম, আদৰ, বিশ্বাসৰ অভাৱ পূৰোৱাটো বৰ কঠিন। এইবোৰৰ অভাৱে মানুহক এটা সময়ত সুখৰ অভাৱী কৰি তুলে।' কথাষাৰ মনত পৰিলেই পুতৌ হয় ইহঁতবোৰলৈ। ইহঁততো সৰুৰে পৰাই অভাৱী। বিদ্যালয় ছুটীৰ পাছত বাঁহৰ তলত লুডু, কড়ি, বাঘ গৰু খেলাৰ সময়েইবা ক'ত ইহঁতৰ? ল'ৰা আহি ঘৰ নৌপাওঁতেই প্রাইভেট টিউটৰ আহি হাজিৰ। ক'ত সেই ধানখেৰৰ মাজত লুকাভাকু খেলোঁতে ধূলি-বালিৰে আবৃত দেহত লাগি থকা আমোলমোল সেই শুকান শুকান গোন্ধ, নৰানিৰ মাজেৰে পাৰ হৈ ভোগদৈৰ পানীত ডুব দি ডুব দি চোৱা চুই খেলাৰ মাদকতা, সন্ধিয়াৰ প্রার্থনাৰ বেলিকা ভৰি হাত ধুওঁতে গা বিজবিজাই যোৱা চেকচেকনিৰ পাহৰিব নোৱাৰা সোৱাদ। এতিয়া কোনে শিকাব জীৱনৰ প্ৰথম বর্ণমালা? কোনে পঢ়াব পৃথিৱীৰ প্রথম পাঠ? এতিয়া চোতালবিহীন অট্টালিকা, আইতাও আজি বৃদ্ধাশ্রমৰ বাসিন্দা, জোনাকবিহীন আকাশ।
সোণোৱালী ল'ৰালিক এতিয়া নষ্টালজিয়া নাম দি ক্লাবৰ পার্টিত অভিজাত্যৰ পথেৰে মনত পেলাই স্ফূর্তিত আত্মহাৰা হৈ ঘৰত আহি নিজ সন্তানক আধুনিকতাৰ পোছাকৰ ওপৰেৰে বাৰে বাৰে চায়, চহৰৰ অভিভাৱকবোৰে। বেলি এটা হত্যা কৰাৰ বিজয়োল্লাসত আত্মহাৰা আন দহজনৰ দৰে মগ্ন হৈ তেওঁলোকে নিজক হাৰি হাৰি জয়ী কৰিব বিচাৰে শক্তিশালী মানৱযন্ত্র গঢ়ি তোলাৰ অঘোষিত প্রতিযোগিতাত। সেয়েহে সোণৰ সঁজাত বন্দী ইহঁতবোৰে মুকলি হ'লেই খেদি ফুৰে মোৰ দৰে এটা চহা প্রাণক, এটা মৰম আকলুবা চাৱনিক, অন্তৰংগতাক।
প্রেম, ভালপোৱা, আদৰ, বিশ্বাস- এইবোৰটো জীৱনৰ একো একোটা বং। প্রেম, ভালপোৱা, আদৰ এই অনুভূতিবোৰ আমাৰ হৃদয়ত সদায় থাকিব। এইবোৰ আছে বাবেইতো সমাজখন উৱলি গ'লেও জীয়াই আছে, পৃথিবীখন অলপমান হ'লেও সেউজীয়া হৈ আছে আৰু ভাল দিন আহিব আহিব বুলি বাট চাই থকা মানুহবোৰৰ জিলমিল চাৱনিবোৰ সজীৱ হৈ আছে। সেয়েহে আজিও সকলো মানুহ অমানুহ হৈ যোৱা নাই। যিয়েই এইবোৰ মূল্যহীন কৰিবলৈ চেষ্টা কৰিব, তেওঁহে এদিন নিজেই অকলশৰীয়া হ'ব। অন্তৰংগতা যেনেকৈ চকুত বাস কৰে, এই অনুভূতিবোৰো মানুহৰ হৃদয়ত বাস কৰে। এইবোৰক কেতিয়াও হত্যা কৰি পেলাব নোৱাৰি আৰু যাৰ হৃদয় নাথাকে, তেওঁ মানুহৰ শাৰীত নপৰে, তেওঁ তেতিয়াই যন্ত্র হৈ পৰে। মানৱযন্ত্র।
জোনটো পশ্চিমলৈ গতি কৰিছে। দ্বিতীয়টো নুবুজা সাঁথৰে বাট ভেটি ধৰিছে। আমি কাৰ বাবে কৰিছোঁ কাৰ লগত প্রতিযোগিতা ? সকলোবোৰটো এদিন একে বাটেৰেই যাব লাগিব। প্রতিপলে ক্ষণিকৰ সুখৰ বাবে ভুল কৰি কৰি জীৱনৰ আবেলি অনুশোচনাত সময় পাৰ কৰাতকৈ প্রতিপল মানুহ হৈ জীয়াই থাকি জীৱনটোক গুৰিলৈকে হেঁপাহ পলুৱাই উপভোগ কৰিব পাৰোঁচোন। সমাজত নিজৰ খিয়াতি থৈ যাব নোৱাৰিলেও আন দহজনৰ হৃদয়ততো নিজক সিঁচি থৈ যাব পাৰোঁ, আন দহজনৰ চকুততো ৰুই থৈ যাব পাৰোঁ অন্তৰংগতাৰ বীজ। আইয়ে কোৱা মনত পৰে, পোহৰ হোৱাৰ আগেয়ে আন্ধাৰবোৰ বেছি হয়। আশা কৰোঁ, সপোন দেখোঁ, চহৰত সপোন দেখাটোৱেই চাগৈ একমাত্র টেক্স ফ্রী কাম। আকৌ নতুন প্রভাত হ'ব, কাল ৰাতি নাথাকিব, নিউ নিউ কৰা ফেঁচাৰ চিঞৰ শিয়ালৰ ৰাও আঁতৰিব। গুণগুণাই, গুণগুণাই অন্তৰংগতাসনা চাৱনি এটা শুই পৰে।
-অচ্যুত কুমাৰ বৰা
প্ৰকাশঃ দৈনিক জনমভূমি, ৫ অক্টোবৰ, ২০১৪


No comments:
Post a Comment