জীৱন



হামিয়াই হিকটিয়াই এতিয়াও তুমি

মোৰ ওচৰতে বহি আছা

বেলি পৰি কেতিয়াবাই গধূলি হ'ল


অতপৰে মই কৈ থকা গল্পটোত

তুমি একো বিচাৰি পোৱা নাই

অথচ উঠি যাবলৈ তোমাৰ লেখমানো ইচ্ছা নাই


ইচ্ছা আৰু অনিচ্ছাৰ এই পুৰণি যুঁজখনত

একো প্ৰতিক্ৰিয়া নকৰাকৈ মনে মনে বহি থাকিব পৰাটোও

এটা কলা


বিৰক্তিৰ হামিবোৰে মোৰ গল্পটোত যতি আনি দিব

বিচাৰোতেই তুমি কৈ উঠা 

"তাৰপাছত?"


শ্ৰোতাৰ আও ভাও নোপোৱাকৈ কাহিনী এটা

নিৰন্তৰ কৈ থাকিব পৰাটো

তাতোতকৈও কঠিন কলা


সকলোৰে সকলোখিনি সকলোতে

পূৰ্ণতা পাব বুলিটো কোনো কথা নাই


এই কথা তুমিও জানা আৰু মইও

এটা সময়ত তুমি শুনি শুনি শুই যাবা

আৰু মই কৈ কৈ।


(ৰচনাকালঃ২০২১)

No comments:

Post a Comment