জিতুমণি বৰাৰ "শেষ পৃষ্ঠা"- বৃদ্ধ জীৱনৰ জীয়া দলিল



বিশ্বায়নে যিমানেই আমাক এজন আনজনৰ ওচৰ চপাই আনিছে, সিমানেই যেন আমি হৃদয়েৰে এজন আনজনৰ পৰা দূৰ হৈ হৈ গৈ আছো। আধুনিক জীৱন-যাপন শৈলীৰ সৈতে নিজকে আগবঢ়াই লৈ যাওঁতে অলাগতিয়ালখিনি দলিয়াই পেলোৱাটো যেন এটা সার্বজনীন সূত্র। এই সূত্রত আবেগ-অনুভূতি কিম্বা তেজ আৰু আত্মাব দাবীও তল পৰি ৰয়। সভ্যতাব উত্তৰোত্তৰৰ নামত, উচ্চস্তৰীয় জীৱন এটা যাপন কৰাৰ প্রতিযোগিতাখনৰ ফলত আমি হৈ পৰিছো একো একোটা জীৱ থকা পুতলা।

ব্যস্ত জীৱন, ব্যস্ত সমাজ। ব্যস্ততাময় সমাজখনত সততে দেখা পোৱা এটা সুলভ দৃশ্য হ'ল বৃদ্ধ-বৃদ্ধাসকলৰ জীৱনৰ দুৰৱস্থা। বৃদ্ধাৱস্থা মানেই যেন অন্তহীন নিসংগতা, সকলোৰে এলাগী এখিনি আমনিদায়ক সময়। বৃদ্ধসকল হৈ পৰে আধুনিক সমাজ ব্যবস্থাৰ গাঁথনিত এক অলাগতিয়াল অংশ। পুত্র-বোৱাৰী, জী-জোঁৱাইৰ আহবিবিহীন ব্যস্ততাৰ ভিৰত এলাগী হৈ পৰা এজন বৃদ্ধৰ

জীৱন বৃত্তান্তকেই উপন্যাসখনৰ যোগেদি বাস্তৱ ৰূপ দিছে ঔপন্যাসিক জিতুমণি বৰাই।

'শেষ পৃষ্ঠা' বৰাৰ প্রথম উপন্যাস যদিও উপন্যাসখনত এক শক্তিশালী উপস্থাপন শৈলীৰে বৃন্দাবন শইকীয়া নামৰ বৃদ্ধ পিতৃগৰাকীৰ অনিশ্চয়তাবে ভৰা জীৱনকালৰ উত্থান-পতন, মানসিক অন্তর্দ্বন্দ্ব, হতাশাগ্রস্ততা, সংশয়, নিঃসংগতাবোধ আৰু ঘাত-সংঘাতসমূহ সাৱলীলভাৱে বর্ণিত হৈছে। সমান্তৰালকৈ ঔপন্যাসিকে সভ্য জীৱনৰ আঁৰৰ কদর্য সত্যখিনিৰ লগতে আধুনিক সমাজ জীৱনৰ ফোঁপোলা স্বৰূপটোও উদঙাই দেখুৱাইছে। ন-মাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিতৰ শিক্ষক বৃন্দাবন শইকীয়াৰ জীৱনলৈ নিঃসংগতাৰ বতাহজাক বোৱাই আনিছিল পত্নীৰ অকাল বিয়োগে। একমাত্র পুত্র সুদীপ্ত শইকীয়াৰ ১১ বছৰ বয়সতে চিকিৎসকৰ অৱহেলাৰ বাবে পত্নীক হেৰুৱাই বৃন্দাবন শইকীয়াই অকলেই পুত্রক ডাঙৰ-দীঘল কৰিছিল। নিজ পুত্র-কন্যাক লৈ সকলো মাক-দেউতাকৰে বুকুত বাহ সাজে অযুত সপোনে, অলেখ হেঁপাহে। বাওঁপন্থী মতাদর্শৰ সমর্থক বৃন্দাবন শইকীয়াইও সপোন দেখিছিল সুদীপ্তক মানুহ কৰাৰ। পুত্রই সমাজত সঁচা অর্থত এজন মানবদৰদী ডাক্টৰ হিচাপে সেৱা আগবঢ়াওক, এই সপোনক সাকাৰ ৰূপ দিবলৈ বৃন্দাবন শইকীয়াই অহোপুৰুষার্থ কৰিছিল। মাতৃহাৰা ল'ৰাটোৰ ক্ষেত্রত পিতৃ হিচাপে সকলোবোৰ দায়িত্বই নিষ্ঠাৰে পালন কৰি গৈছিল বৃন্দাবন শইকীয়াই। এদিন পিতৃৰ সপোনক বাস্তৱ ৰূপ দি পঢ়াত অত্যন্ত মেধাবী সুদীপ্ত শইকীয়া চিকিৎসক হ'ল সঁচা, কিন্তু ক'ৰবাত যেন কিবা খুঁত ৰৈ গ'ল। সঁচা অর্থত চিকিৎসক হওক বুলি সুদীপ্তক লৈ বৃন্দাবন শইকীয়াই দেখা সপোনটো চিকিৎসক বোৱাৰী আৰু পুত্ৰৰ মানৱতা-বিৰোধী কিছুমান ক্রিয়া-কলাপে মুহূর্ততে থান-বান কৰি দিলে। ভুৱা ঐশ্বর্যৰে জীবন একোটা সজাবৰ বাবে মানুহ যে কিমান তললৈ যাব পাৰে সেই দৃশ্য বৃন্দাবন শইকীয়াই নিজ পুত্রৰ কার্য-কলাপত স্বচক্ষে দেখা পালে। কোনো ক্ষেত্রতে পুত্র-বোৱাৰীক বদনামী কৰিব নিবিচৰা, যিমান দূৰ পাৰি তেওঁলোকক সমাজৰ চকুত কেতিয়াও হেয় নকৰিবলৈ চেষ্টা কৰা বৃন্দাবন শইকীয়া যান্ত্রিক জীৱনবোৰৰ মাজত আকৌ এবাৰলৈ অকলশৰীয়া হৈ পৰিল। নিঃসংগতাৰ বতাহজাকে ধুমুহা হৈ কোবাব ধৰিলে বৃদ্ধ জীৱনৰ ডাল-পাত। এদিন সেয়ে পুত্র-বোৱাৰীৰ অজ্ঞাতেই তেওঁ গুচি আহিল 'শান্তিবন' নামৰ বৃদ্ধাশ্রমখনলৈ। য'ত তেওঁ বিচাৰি পাইছে নিঃসংগতাৰ মাজতো জীৱনৰ সংগীময় উপকূল।

'শান্তিবন' নামৰ বৃদ্ধাশ্রমখনৰ বাসিন্দাসকলৰ বিচিত্র জীবনৰ হা-হুমুনিয়াহবোৰে উপন্যাসখনক অনন্য মাত্রা প্রদান কৰিছে। সকলো বাসিন্দাৰে বুকুৰ কোনোবা কোণত ৰৈ যোৱা খালী ঠাইবোৰক লৈ সৃষ্ট এই হা-হুমুনিয়াহক সময়ৰ প্রত্যাহ্বান হিচাপে কোনোজনে গ্রহণ কৰিব পাৰিছে আৰু কোনোজনে হা-হুমুনিয়াহবোৰকে বুকুত সাৱটি সন্তানৰ সান্নিধ্যৰ বাবে সপোন ৰচিছে। সময়ৰ ধুমুহা ইমানো শক্তিশালী নহয় যে সকলোবোৰ ধাহি-মুহি উৰুৱাই লৈ যাব দুচকুৰ দূৰণিলৈ। সাৰি-মচি উকা কৰি পেলাব সকলোবোৰ, কোনোকালেই মনৰ চকুৰে চাব নোৱৰাকৈ। সময়ৰ ধুমুহাই মাথোঁ আহত কৰে হৃদয়; পংগু কৰে জীৱন। পৰোঁ পৰোঁ যেন অথচ কেতিয়াও সৰি পৰিব নোখোজা অপৈণত পাতখিলাৰ দৰে প্রত্যেক মানুহৰে হৃদয়ৰ নিভৃত কোণত ওলমি থাকে সময়ৰ কোবাল ধুমুহাই কোবাই থৈ যোৱা একো একোটা বিধস্ত অতীত। 

"শেষ পৃষ্ঠা"ৰ লেখক জিতুমণি বৰা
"শেষ পৃষ্ঠা"ৰ লেখক জিতুমণি বৰা

'শান্তিবন'ৰ বাসিন্দাসকলৰ এন বহু বিচিত্র কাহিনীক লৈ ঔপন্যাসিকে মূল কাহিনীভাগ আগ বঢ়াই নিছে। এনে কৰিবলৈ যাওঁতে লেখকে দক্ষতাৰে কাহিনীবোৰৰ সৈতে মূল কাহিনীটোৰ সন্তুলন বক্ষা কৰিছে আৰু উপন্যাসখনক গতিশীলতা প্রদান কৰাত সক্ষম হৈছে।

চিনাকি চিত্রকল্পৰ প্রয়োগৰ দ্বাৰা সভ্য সমাজ জীৱনৰ বিপর্যস্ত বাস্তৱক সূক্ষ্মভাৱে উপন্যাসখনৰ মাজেদি লেখকে উপস্থাপন কৰিছে। চৰিত্রসমূহ চিত্রায়নৰ ক্ষেত্ৰত আৰু কাহিনী কথনৰ ক্ষেত্রত লেখকে নতুনত্বৰ অনুসন্ধান কৰাৰ বিপৰীতে পৰম্পৰাবাদী উপন্যাসৰ ধাৰাটোক অনুসৰণ কৰাটো পৰিলক্ষিত হৈছে। আধুনিক সমাজ ব্যৱস্থাত শোষক আৰু শোষিত দুটা সকলোৰে চিনাকি শ্রেণী। শোষক শ্রেণীটোৱে সমাজৰ সকলো ক্ষেত্রতে আনসকলক শোষণ কৰি থাকে। এই চিৰন্তন সত্যক উপস্থাপন কবিবলৈ যাওঁতে উপন্যাসখনত সুদীপ্ত শইকীয়া আৰু তেওঁৰ সহযোগীসকলে শোষক শ্রেণীক প্রতিনিধিত্ব কৰিছে। বর্তমানৰ সমাজখনত চিকিৎসা সেৱাৰ দৰে মহৎ বৃত্তিৰ লগত জড়িত হৈয়ো সুদীপ্ত শইকীয়াহঁতৰ দৰে ব্যক্তিয়ে জনসাধাৰণে নির্বাচিত কৰি পঠিওৱা কিছুমান ৰাজনৈতিক দালালৰ সৈতে লগ লাগি কি কি কৌশলেৰে মানব সেৱাক ব্যৱসায়ত পৰিণত কৰিছে তাক লেখকে সবলকৈ উপস্থাপন কৰিছে। 'আচলতে অপূর্ব বৰুৱাৰ নামত তেওঁলোকে স্বাস্থ্য বিভাগত শ শ কোটি টকা ঠিকা কৰি আহিছে। তদুপৰি তেওঁলোকৰ নামত যিমানবোৰ সা-সম্পত্তি আছে সেইবোৰৰ আচল গৰাকী হেনো স্বাস্থ্যমন্ত্রী অপূর্ব বৰাহে। এই কথা ডাঃ সুদীপ্ত শইকীয়াই নজনা নহয়। সেয়ে অপূর্ব বৰুৱাৰ পৰা নাৰ্ছিংহোম স্থাপনৰ প্রস্তাৱ আহোঁতে উচ্চাকাংক্ষী ডাঃ শইকীয়াই পোনছাতেই ইয়াক গ্রহণ কৰিছিল। ইয়াৰ বাবে ১০০ কোটিৰো অধিক ধন ব্যয় হ'ব। এয়া অপূর্ব বৰুৱাৰ অংগীকাৰ। ধনৰ বাবে ডাঃ শইকীয়াই একো চিন্তা কৰিব নালাগে বুলি মন্ত্রী অপূর্ব বৰুৱাই আশ্বাস দিছে। বেংকৰ পৰা ডাঃ শইকীয়াৰ নামত কিছু ঋণ লোৱা দেখুৱাব। বাকী ৮০ কোটি মান টকা অপূর্ব বৰুৱাই নিজেই খৰচ কৰিব। ভিতৰুৱাকৈ এই সম্পর্কত অপূৰ্ব বৰুৱা আৰু ডাঃ সুদীপ্ত শইকীয়াৰ বুজাবুজি হৈছে। দেখুৱাই নাৰ্ছিংহোমখনৰ মালিক ডাঃ সুদীপ্ত শইকীয়া যদিও ভিতৰুৱাকৈ এইখনৰ ১০ শতাংশ অংশীদাৰিত্ব থাকিব মন্ত্রী বৰুৱাৰ নামত। ইতিমধ্যে মন্ত্রী বৰুৱাৰ অধিবক্তা আৰু ডাঃ সুদীপ্ত শইকীয়াৰ অধিবক্তাই এই সম্পর্কীয় বুজাবুজিৰ চুক্তি প্রস্তুত কৰি উলিয়াইছে। আয়কৰ বিভাগ আৰু জনসাধাৰণক ফাকি দিবলৈকে প্রস্তুত হৈছে এইখন বুজাবুজিৰ চুক্তি (পৃষ্ঠা-১৫)। চিকিৎসা সেৱাৰ নামত নাৰ্ছিংহোমবিলাকে কেনেকৈ সাধাৰণ জনসাধাৰণক কৌশলেবে শোষণ কৰি আহিছে তাৰ উদাহৰণ তুলি ধৰা হৈছে উপন্যাসখনৰ যোগেদি এনেদৰে, "দুখীয়া ৰোগীৰ বাবে এই নাৰ্ছিংহোমত প্রথম ২৪ ঘণ্টা বিনামূলীয়াকৈ চিকিৎসা কৰাৰ এখন আঁচনি ইতিমধ্যে সাংবাদিক মেলৰ জৰিয়তে ঘোষণা কৰা হৈছে। বিশেষকৈ জৰুৰী চিকিৎসাৰ ক্ষেত্রত এইখন আঁচনি কার্যকৰী হ'ব বুলি কোৱা হৈছে। প্রাৰম্ভিক ২৪ ঘন্টাৰ পাছত কৰা চিকিৎসা ব্যয়হে ৰোগীৰ পৰিয়ালে ভৰিব লাগিব। কথাটো ঠিক শ্বপিং মলত কৰা ব্যৱসায়ৰ দৰে। গুৱাহাটীৰ এইবোৰ শপিং মলে গ্রাহকক কেনেদৰে প্রলোভিত কৰি কোটি কোটি টকা উপার্জন কৰিছে সেয়া সকলোৱে জানে। এই শ্বপিং মলবোৰত তিনি হাজাৰ টকাৰ বজাৰ কৰিলে পাঁচশ টকাৰ এখন কুপন দিয়ে। এই কুপনখনৰ জৰিয়তে সেইদিনা কোনো বজাৰ কৰিব নোৱাৰিব। পবৱৰ্তী সময়ত আকৌ দুহেজাৰ টকাৰ বজাৰ কৰিলে এই কুপনখনৰ নামত পাঁচশ টকা ৰেহাই পাব। আচলতে পাঁচশ টকা ৰেহাই পাবলৈ এজন গ্রাহকে পাঁচ হেজাব টকা ভৰিবলগীয়া হয়। এই 'ফর্মুলা'টোকে ধাৰ কৰি আনি নাৰ্ছিংহোমত খটুৱাইছে মন্ত্রী অপূর্ব বৰুৱা আৰু ডাঃ সুদীপ্ত শইকীয়াই (পৃষ্ঠা-১৯)।' টকা-পইচাৰ লালসাই মানুহক বলিয়া কৰি তোলে। এই কথা সুদীপ্ত শইকীয়াৰ ক্ষেত্রতো একেই প্রতিফলিত হৈছে। নিজ গাঁৱৰে বাসিন্দা আৰু পিতৃৰ বন্ধু লেখন বৰুৱা নামৰ ৰোগীজনৰ পৰিয়ালৰ পৰা লাখ লাখ টকা শোষণ কৰাৰ সময়তো এবাৰলৈও সুদীপ্ত শইকীয়াক হৃদয়খনে বাধা নিদিলে। সততে দেখিবলৈ পোৱা মানবদৰদী এখন সমাজৰ ভিতৰৰ কদর্য ৰূপটো 'সুদীপ্ত শইকীয়া' চৰিত্ৰটোৰ জৰিয়তে উপন্যাসখনত ফুটি উঠিছে।

ইফালে পুত্র-বোৱাৰীৰ অনাকাংক্ষিত কার্য-কলাপত পোৱা মানসিক আঘাত লৈ আঁতৰি অহা উপন্যাসখনৰ কেন্দ্রীয় চৰিত্র বৃন্দাবন শইকীয়াই ওৰে জীৱন নিঃসংগতাৰ মাজতো জীয়াই থকাৰ সমল বিচাৰি পাইছে 'শান্তিবন'ৰ মনোমোহা পৰিৱেশত। চিত্রসমূহ চিত্রায়নৰ ক্ষেত্রত লেখকক গ্রাম্য জীৱনৰ সহজ-সৰল পৰিৱেশটোৱে বেছিকৈ প্রভাৱিত কৰা যেন ভাৱ হয়। উপন্যাসখনত আধুনিক কলা-কৌশল প্রয়োগৰ বিপৰীতে বৃদ্ধ জীৱনৰ দুখ-যান্ত্রণাসমূহ প্রকাশ হৈছে সহজ-সৰল ভাষা আৰু সাৱলীল বর্ণনাৰে। মূল কাহিনীৰ সৈতে সংগতিপূর্ণ কাহিনীবোৰৰ কথনে উপন্যাসখনক একঘেয়ামিতাৰ পৰা মুক্তি দি পাঠক সমাজক এক সুকীয়া স্বাদ প্রদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি পোনপটীয়া বাক্যগাঁথনিয়ে 'শেষপৃষ্ঠা'ক সুখপাঠ্য কৰি তুলিছে। অসমৰ অন্যতম অগ্রণী প্রকাশন গোষ্ঠী গুৱাহাটীৰ 'বাণী প্রকাশ মন্দিৰ' এই প্রকাশ কৰি উলিওৱা ২৭২ পৃষ্ঠাৰ এই উপন্যাসখনৰ মূল্য ২২৫ টকা।

No comments:

Post a Comment