চিনেমাৰ ভিতৰৰ চিনেমা



ফ্ৰেমত এটা টেলিভিশ্যন

সন্মুখত এটা ছায়া মূৰ্তি


কেমেৰাৰ ফ'কাচ টেলিভিশ্যনৰ স্ক্ৰীণত

দাও দাওকৈ জুই একুৰা জ্বলি উঠিছে

কৰুণ সুৰ এটা ৰিণি ৰিণি বাজি আছে ব্ৰেকগ্ৰাউণ্ডত

কাট্...


ফ্ৰেমত এজাক শোকাতুৰ মানুহ

উমি উমি জুইকুৰাই পুৰিছে

সকলোৰে বুকুৰ ভিতৰ

কাট্...


ফ্ৰেমত আকৌ টেলিভিশ্যন

স্ক্ৰীণত এজাক মাছৰোকা চৰাই

ইটোৱে সিটোক থুঁটিয়াই খুঁটিয়াই...


দূৰৈৰ মানুহজাক দৌৰি আহিছে

যেন সকলো তছ নছ কৰি যাব

চৰাইবোৰক বন্দী কৰিব পানীৰ পিঞ্জৰাত


হঠাৎ সলনি হ'ল টেলিভিশ্যনৰ চেনেল

বাজি উঠিল পুৰণি দিনৰ নতুন গান

গান শুনা মানুহবোৰ গানত মগন

নুশুনা বোৰ ওঁঠ লৰোৱাত


হঠাৎ বৰষুণ গাজনি

আন্ধাৰ বিজুলী


উ চু পি  উ চু পি ৰ'দ

কাট্...


ফ্ৰেমত উৎকণ্ঠিত হাজাৰ দৰ্শক

টেলিভিশ্যন স্ক্ৰীণত জিলিকিছে এইবাৰ

নতুন খেলুৱৈ

হাতে হাতে বোকা আৰু বোকা

কোনে কাক কৰিব পাৰে লুতুৰি পুতুৰি

মানুহখিনিয়ে চিঞৰিছে

উন্মাদনাত উৎকণ্ঠাত

কাট্...


নিৰপেক্ষ দৰ্শকৰ মনত এটাই প্ৰশ্ন

টেলিভিশ্যনৰ সন্মুখত কোন এই ছায়া মূৰ্তি

ৰিমৰ্টৰ বুটামত বাৰে বাৰে কাৰ আঙুলিৰ নাচোন?


ফ্ৰেমত এইবাৰ ছায়া মূৰ্তিৰ দুহাত

কেমেৰা জুম ইন

এই যেন পোহৰ এই যেন পৰিষ্কাৰ

হঠাৎ কাট্

আৰু অন্তহীন আন্ধাৰ


পৰিচালকৰ কি আজৱ কায়দা!!

No comments:

Post a Comment