স্বৰাজোত্তৰ কালৰ এজন বিশেষ ঔপন্যাসিকৰ কথাৰে

ঔপন্যাসিক দেবেন্দ্ৰ নাথ আচাৰ্য
অসমৰ সাহিত্য জগতে বহু সময়ত অকালতে বহুকেইজন সৃষ্টিশীল লেখক, সমালোচক, কবি, প্রবন্ধকাৰ হেৰুৱাই আহিছে। চমু জীৱনকালতে এইসকল পুৰোধা ব্যক্তিয়ে অসমীয়া সাহিত্যৰ ভঁৰাললৈ যি বহুমূলীয়া অৱদান আগবঢ়াই থৈ গৈছে, সেই দিশলৈ চকু দিলে এই কথা নিশ্চিত যে অসমীয়া সাহিত্য জগতত তেওঁলোকৰ দীর্ঘদিনীয়া উপস্থিতি, ভাষা সাহিত্যক আৰু এখাপ ওপৰলৈ তুলি নিয়াত সহায়ক হ'লহেঁতেন। সংখ্যাৰ জোখাৰে মাথোঁ কেইখনমান পুথিৰেই অসমীয়া সাহিত্যৰ পাঠকৰ মাজত সমাদৃত হোৱা তেনে এজন লেখক দেবেন্দ্র নাথ আচার্য। আচার্যৰ অকাল বিয়োগ যোৰহাটৰ লগতে সমগ্র অসমৰ সাহিত্য তথা বৌদ্ধিক জগতৰ এক অপূৰণীয় ক্ষতি।

যোৰহাট নগৰৰ পৰা প্রায় সাত-আঠ কিঃমিঃ দূৰৈৰ গৰখীয়া দ'লত ১৯৩৭চনৰ তিনি মার্চত জন্ম লাভ কৰা দেবেন্দ্র নাথ আচার্যৰ পিতৃ আছিল নগেন্দ্র নাথ আচার্য আৰু মাতৃ জয়ন্তী আচার্য। তেওঁলোকৰ উপৰিপুৰুষ স্বৰ্গদেও ৰূদ্রসিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অসমলৈ আহিছিল। আহোম স্বৰ্গদেওসকলেই পাছলৈ তেওঁলোকক আচার্য উপাধি প্রদান কৰিছিল। দেবেন্দ্র নাথ আচার্যব প্রাথমিক শিক্ষা আৰম্ভ হৈছিল বালিগাঁও অঞ্চলত অৱস্থিত ৯০ নম্বৰ প্রাথমিক বিদ্যালয়ত। পৰৱর্তী শিক্ষা জীৱন পাৰ হৈছিল বালিগাঁও জগন্নাথ বৰুৱা মধ্য ইংৰাজী বিদ্যালয় আৰু যোৰহাট চৰকাৰী বিদ্যালয়ত। ইয়াৰ উপৰি তেওঁ বালিগাঁও আর্য ধর্ম ৰক্ষিণী টোলত সংস্কৃত শিক্ষা গ্রহণ কৰি গীতা, ভাগৱত আৰু সংস্কৃত শাস্ত্রত তিনিটা সংস্কৃত উপাধি লাভ কৰিছিল। ১৯৫৩ চনত তেওঁ সুখ্যাতিৰে প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ কটন কলেজত নামভর্তি কৰাই সফলতাৰে শিক্ষা সমাপ্ত কৰি খৰগপুৰ ইঞ্জিনিয়াৰিং কলেজত ভর্তি হয়। তাৰ পৰাই তেওঁ ১৯৫৯ চনত প্রথম শ্রেণীৰ সম্মান সহকাৰে চিভিল ইঞ্জিনিয়াৰিঙত 'বি টেক' উপাধি লাভ কৰি অসম ইঞ্জিনিয়াৰিং কলেজত প্রৱক্তা হিচাপে যোগদান কৰে। অতি মেধাৱী আচার্যৰ জ্ঞান পিপাসু মনটো কিন্তু ইমানতে ক্ষান্ত নহৈছিল। ১৯৬২ত তেওঁ লগুন ইম্পেৰিয়েল কলেজ অব ছায়েন্স এণ্ড টেকন'লজিৰ পৰা সুখ্যাতিৰে ডি. আৰ. চি. উপাধি আৰু ১৯৬৪ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙত এম.এছ.চি. উপাধি লাভ কৰে। কর্মজীৱনত আচার্য আছিল ষ্ট্ৰাকচাৰেল  এণ্ড ফাউণ্ডেচন ইঞ্জিনিয়াৰিঙৰ বিশেষজ্ঞ। ১৯৬৩ চনৰ পৰা ১৯৬৪ চনলৈ তেখেতে লণ্ডন চিমেন্ট এণ্ড কংক্রিট এছচিয়েছনত 'ছিনিয়ৰ ৰিচাৰ্ছ ইঞ্জিনিয়াৰ' হিচাপে কর্ম সেৱা আগবঢ়াইছিল। প্রথমজন ভাৰতীয় হিচাপে আচার্যই আমেৰিকান কংক্রিট ইনষ্টিটিউট'ব পৰা "Significance of Dowel Forces on the shcar Failure of Rectengular Renforced concrete B-eams without well Reinforcement" শীর্ষক গৱেষণা প্রবন্ধৰ বাবে ওৱাচন গল্ড মেডেল' সম্মান লাভ কৰিছিল। ১৯৬৫ চনৰ পৰা ১৯৬৭ চনলৈ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত প্রবক্তা হিচাপে কর্মজীৱন অতিবাহিত কৰা আচার্যই পাছলৈ অসম চৰকাৰৰ কাৰিকৰী শিক্ষা বিভাগৰ উপ-সঞ্চালক, অসম গেছ কোম্পানীৰ ফিল্ড মেনেজাৰ (পাছলৈ জেনেৰেল মেনেজাৰ) হিচাপে নিজৰ কর্মজীৱন আগবঢ়াই নিছিল।

দেৱেন্দ্র নাথ আচার্যৰ কর্ম জীৱনৰ দৰে সাহিত্য জীৱনো আছিল অনন্য। তেওঁৰ কালজয়ী উপন্যাস 'জঙ্গম' ১৯৮৪ চনত মৰণোত্তৰভাৱে সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছিল।

এইখিনিতে উল্লেখ কৰো যে উক্ত উপন্যাসখনে ১৯৮২ চনত অসম প্রকাশন পৰিষদ বঁটাও লাভ কৰিছিল। মূলত ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্য জগতত পৰিচিত হোৱা দেবেন্দ্র নাথ আচার্যৰ উপন্যাসৰ কাহিনীৰ ধ্যান-ধাৰণা, তেওঁৰ জীৱনকালত সংগৃহীত ভিন্ন ঠাইৰ অভিজ্ঞতা আৰু গভীৰ অধ্যয়ন ফচলৰ সংমিশ্রণ।

'জংগম' উপন্যাসৰ বেটুপাত 

'জঙ্গম' উপন্যাসখন তেওঁৰ অসমীয়া সাহিত্য জগতলৈ এক উৎকৃষ্ট অৱদান। এই উপন্যাসৰ কাহিনীভাগৰ পটভূমি প্রধানতঃ ব্রহ্মদেশৰ। দ্বিতীয় মহাসমৰত জাপানী সৈন্যই ইংৰাজৰ হাতৰ পৰা দেশখন কাঢ়ি লোৱাৰ পৰিপ্ৰেক্ষিতত তাত থকা ভাৰতীয়সকল প্ৰাণৰ ভয়ত নানান বাধা-বিধিনি নেওচি বিপদ সংকুল যাত্ৰাৰে অসম অভিমুখে পলাই আহিছিল। নিজৰ ঘৰ-সম্পত্তি এৰি প্ৰাণৰ তাড়নাত পলাই অহা এইসকল দুর্ভগীয়া

লোকৰ কাহিনীৰে উপন্যাসিকে মূল কাহিনীভাগ আগঢ়াই নিছে। মূলত মানবীয় মমতাবোধেৰে যাত্রাপথৰ ভিন্ন কাহিনীসমূহ উপন্যাসখনত চিত্রায়ণ কৰা হৈছে। 'জঙ্গম' উপন্যাসখনৰ যোগেদি ঔপন্যাসিক আচার্যৰ উৎকৃষ্ট ভাব-ভাষা, কথনশৈলীৰ উমান পাব পাৰি। উপন্যাসখনৰ সর্ম্পকে লেখকে উল্লেখ কৰি গৈছে এনেদৰে, 'চাৰি দশকৰ আগতেই দ্বিতীয় মহাসমৰৰ বৰদৈচিলা অসমৰ মাজ বুকুৱেদি পাৰ হৈ গৈছিল। মানৱতাৰ এই চৰম দুর্যোগৰ কোনো স্মৃতি চিহ্নই কিন্তু আমাৰ সাহিত্যত নৰ'ল। এয়া এমুঠি সাধাৰণ মানুহৰ কথা। মহাযুদ্ধৰ বা-মাৰলীত থানথিত হেৰুওৱা এমুঠি অতি সাধাৰণ মানুহৰ দুর্দশাগ্রস্তসমূহ মানৱতাৰ প্রতীক। জীয়াই থকাৰ দুৰ্বাৰ বাসনা বুকুত বান্ধি সেই নিৰুদ্দেশ মহাযাত্রাত যিবোৰ জীৱন মৃত্যুৰ শীতল কোলাত অতৃপ্ত হৈ পৰি ৰ'ল, সিবিলাকৰ কৰুণ কাহিনী। এই পুথিত থকা অথচ ইতিহাসৰ দ্বাৰা অস্বীকৃত সকলো চৰিত্রই কাল্পনিক আৰু জীৱিত অথবা মৃত যিকোনো ব্যক্তিৰ লগত এইবোৰৰ সাদৃশ্য নিতান্তই আকস্মিক।" এইখিনিতে উল্লেখযোগ্য যে 'জঙ্গম'ৰ যোগেদি দ্বিতীয় মহাসমৰৰ ভয়ানক ধ্বংসলীলা আৰু জনসাধাৰণৰ দুখ-দুর্গতিক উপস্থাপন কৰা লেখকে অসমীয় সাহিত্যত মহাসমৰখনৰ কোনো উপস্থিতি নাই বুলি আক্ষেপ কৰাৰো কে'বাদশক পাছতহে অসমীয়া সাহিত্যত মহাযুদ্ধখনৰ বিষয়ে চর্চা হৈছিল।

পাছলৈ ২০১৩ত প্রকাশিত সাংবাদিক মৃণাল তালুকদাৰৰ উপন্যাসোপম ভ্রমণ কাহিনী ১৯৬২ ত অসমৰ প্রেক্ষাপটত দ্বিতীয় মহাসমৰৰ বর্ণনা পোৱা যায় এনেদৰে, 'জাপানৰ বিৰুদ্ধে চীনৰ চিয়াং কাই চেকৰ চৰকাৰক মিত্রশক্তিয়ে সহায় কৰিবলৈ একমাত্র উপায় আছিল অসমেৰে। সাগৰেৰে কোনো জাহাজেই দক্ষিণ চীন সাগৰত সুৰক্ষিত নহয় কাৰণে সেই জাহাজেৰে পঠিওৱা ৰচদ, গোলা-বাৰুদ আৰু ঘোঁৰালৈকে, কলকাতা হৈ ৰেলেৰে তিনিচুকীয়া পাইছিলগৈ। দক্ষিণ চীন সাগৰ তেতিয়া জাপানৰ দখলত। ৰেংগুনৰ পৰা টকিজ লৈ সকলো বন্দৰেই জাপানৰ কৱলত। সেই কাৰণেই আৰম্ভ হৈছিল উজনি অসমৰ পৰা ইতিহাসৰ সর্ববৃহৎ এয়াৰ লিফ্ট। আৰম্ভ হৈছিল লিডু, চাবুৱা, মোহনবাৰী, চুকেৰটিং, দিনজান আক ৰৰৈয়া বিমান বন্দৰবোৰৰ পৰা ৪২ মাহজোৰা এক অপাৰেচন, যাক আজিৰ অসমীয়াই অনুমান কৰিব নোৱাৰিব, কিমান জটিল, বিশাল আক ভয়ংকৰ আছিল। এপ্রিল, ১৯৪২ ৰ পৰা আগষ্ট, ১৯৪৫ লৈকে ৪২ মাহে দৈনিক উৰা মাৰিছিল বিমান- ৰৰৈয়া, চাবুৱা আৰু ডুমডুমাৰ পৰা। কেতিয়াবা এদিনতে ১৯০০ খনতকৈও অধিক বিমান উৰা মাৰিছিল পাটকাই পাহাৰৰ সিপাৰে থকা চীনা সৈন্যবাহিনীক সহায় কৰিবৰ কাৰণে। এয়া দৰকাৰ হৈছিল কিয়নো জাপানে বার্মা ৰোড বন্ধ কৰি দিছিল।... আমেৰিকান বিমান বাহিনীৰ মুড ৬৪০ খন বিমানে এই অপাৰেচনত ভাগ লৈছিল আৰু তাৰ ৫৬৪ খনেই বিভিন্ন সময়ত বেয়া হৈ ধংস হৈছিল পাটকাই পর্বতৰ বুকুত। কেতিয়াবা তেল শেষ হৈ গৈছিল বা কেতিয়াবা ৰাডাৰবিহীন এই বিমানবোৰে পাহাৰতে অবতৰণ কৰাৰ চেষ্টা কৰিছিল।...  US Tentth Air Force ৰ বুৰঞ্জীত লিপিবদ্ধ আছে যে উজনি অসমৰ পৰা বা চীনৰ পৰা উজনি অসমলৈ সেই ৪২ মাহত মুঠ ১,৫৬,৯৭৭ বাৰ বিমান অহা-যোৱা কৰিছিল।"

অসমীয়া আর্থসামাজিক জীৱন তথা ৰাজনৈতিক প্রেক্ষাপটত এক গভীৰ প্রভাৱ পেলাবলৈ সক্ষম হোৱা এনে এখন ভয়ংকৰ মহাসমৰৰ বিষয়ে তথ্যগতভাবে চর্চা হোৱাৰ পোষকতা কৰিছিল দেবেন্দ্র নাথ আচার্যই। তাৰ ফলশ্রুতিতে সৃষ্টি হৈছিল 'জঙ্গম'ৰ।

'জঙ্গম' উপন্যাসখনৰ যোগেদি অসমীয়া সাহিত্য জগতত চর্চা লাভ কৰা দেবেন্দ্রনাথ আচার্যৰ প্রথমখন উপন্যাস আছিল ১৯৭০ চনত প্রকাশিত 'অন্য যুগ অন্য পুৰুষ'। এই উপন্যাসৰ পটভূমি আছিল তেওঁৰ জন্ম ঠাই গৰখীয়া দ'ল। দ্বিতীয় মহাসমৰ তথা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কার্যকালৰ সময়ছোৱাত সৃষ্টি হোৱা কাহিনীভাগ মূলতঃ দ্বন্দকেন্দ্ৰিক। এই সংঘাত কোনো ব্যক্তি বিশেষৰ নহয়। এই সংঘাত চহৰ আৰু গ্রাম্য জীৱন প্রণালীৰ।

'অন্য যুগ অন্য পুৰুষ' উপন্যাসৰ বেটুপাত 

সেই সময়ছোৱাত চহৰীয়া প্রভাৱে কেনেদৰে সাধাৰণ গ্ৰাম্য জীৱনৰ ঐতিহ্য আৰু পৰম্পৰালৈ অশনি সংকেত কঢ়িয়াই আনিছিল তাক সাৱলীল ৰূপত বর্ণনা কৰা হৈছে। উপন্যাসখনৰ মূল কাহিনীভাগ কেন্দ্রীয় চৰিত্র বেং-বেলেস্তৰৰ মুখৰ পৰা শুনা কিছুমান সাধুকথা। বেলেস্তৰ চৰিত্ৰটো ঔপন্যাসিকে উপন্যাসখনত এজন পাকৈত সাধু কথকৰ ৰূপত উপস্থাপন কৰাইছে। বেলেস্তৰ গৰাকীৰ মুখৰ সাধু শুনিবলৈ তেওঁলোক কেনেদৰে অধীৰ আগ্রহেৰে অপেক্ষা কৰি থাকে, সেই কথা সাৱলীলভাৱে বর্ণনা কৰিছে এনেদৰে, "আমি বেলেস্তৰ অহাৰ দিন আঙুলিৰ মূৰত গণি থাকোঁ। দিনটো বৰশী বাই আহি বেলেস্তৰে সদায় গধূলিহে পায়হি। চেঙ আৰু শ'লমাছ টোপাবৰ কাৰণে সৰু সৰু পানী বেঙৰ পোৱালি বিচাৰি ফুৰে, আনকি বাৰিষা গধূলি সাধু কৈ থাকোতেও যদি কেনেবাকৈ পানী-বেঙৰ পোৱালি এটা দেখে তাক তৎক্ষণাৎ মাৰি পিছদিনা বৰশীত টোপ দিবলৈ টেমা এটাত ভৰাই থয়। পোৱালি বেং বোৰ এইদৰে মাৰি ফুৰাৰ কাৰণেই গাঁৱৰ ল'ৰাবোৰে তেওঁক 'বেঙৰ যম' অর্থাৎ 'বেং বেলেস্তৰ' বুলি জোকায়, জোকালে বেলেস্তৰে সোলা মুখখন মেলি হাঁহি এটা মাৰে আৰু ল'ৰাজাকক হাতৰ মুঠি দেখুৱাই জোঁকাৰি ভয় দেখুৱায়। ল'ৰাজাকেও ভয় খোৱা যেন দেখুৱাই লৰ মাৰে। বেলেস্তৰ অহা দিনটোত আমি আগতে খবৰ পাওঁ। স্কুলৰ পৰা ঘূৰি অহা নন্দ মাষ্টৰে বা কাছাৰীৰ পৰা অহা দুর্গা দাদাই ৰিং মাৰি কৈ যায়- 'হেৰ' ল'ৰাহঁত, বেলেস্তৰ কাইলৈ পাবহি অ' আজি বৰভেটাত দেখি আহিছো।' বেলেস্তৰ আহি পালেই আমাৰ গা সাতখন-আঠখন লাগে- ল'ৰা-ছোৱালীৰে ভৰি থকা আমাৰ ঘৰখনত উখল-মাখল হয়।'

আচাৰ্যৰ অন্য এখন অনুপম উপন্যাস হ'ল 'কালপুৰুষ'। ১৯৭৬ চনত প্রকাশিত এই উপন্যাসখনো আন দুখন উপন্যাসৰ দৰে অসমীয়া সাহিত্য ভঁৰালৰ মূল্যৱান মুকুতা। আহোম ৰাজত্বকালৰ সময়ছোৱাৰ অসমৰ ৰাজনৈতিক, সামাজিক, শিক্ষা আৰু সাংস্কৃতিক অৱস্থা প্রতিফলিত হোৱা এই উপন্যাসখনত উক্ত সময়ছোৱাৰ

'কালপুৰুষ' উপন্যাসৰ প্ৰচ্ছদ 

পাৰিবাৰিক জীৱন যাপন শৈলীৰ আভাস পোৱা যায়। এক ঐতিহাসিক প্রেক্ষাপটত সৃষ্ট এই উপন্যাসখনৰো ভাব-ভাষা আৰু কথনশৈলী আন দুখন উপন্যাসৰ দৰে আকর্ষণীয় আৰু মনোগ্রাহী।

উপন্যাসৰ সমান্তৰালকৈ দেৱেন্দ্ৰেনাথ আচার্যই কেইবাটাও মূল্যৱান আৰু ভাব-ভাষাৰ পিনৰ পৰা গধুৰ প্ৰৱন্ধ ৰচনা কৰিছিল। ইয়াৰ উপৰি তেওঁ গল্প, কবিতা আৰু শিশু সাহিত্যৰো চৰ্চা কৰিছিল তেখেতৰ দুখন মূল্যৱান শিশু সাহিত্য পুথি হ'ল 'ৰামধেনু- কাৰ ধেনু' (১৯৭২) আৰু 'হাতীপটি চিকিমিকি' (১৯৭৯)। এই পুথি দুখনৰ জৰিয়তে শিশুসকলৰ মাজত তেওঁ জনপ্রিয়ও হৈছিল। প্রণিধানযোগ্য যে তেওঁৰ 'হাতীপটি চিকিমিকি' গ্রন্থখনে ১৯৭২ চনত অসম সাহিত্য সভাৰ 'প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা' লাভ কৰিছিল। ১৯৮১ চনৰ ২৯ ছেপ্টেম্বৰত মৃত্যুবৰণ কৰা আচাৰ্যৰ চমু জীৱনকালত সৃষ্ট আপুৰুগীয়া সাহিত্য সম্ভাৰ অসমীয়া সাহিত্য জগতৰ এক উল্লেখযোগ্য অংশ। কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ দেৱেন্দ্ৰনাথ আচাৰ্যৰ তুলনাত ঔপন্যাসিক হিচাপে দেবেন্দ্র নাথ আচাৰ্য সফল আৰু শ্রেষ্ঠ। তেওঁৰ কেওখন উপন্যাসে তদানীন্তন সময়ছোৱাত অসমীয়া সাহিত্য সমাজত চর্চা লাভ কৰিবলৈ সক্ষম হৈছিল। সাম্প্রতিক সময়ত সমালোচকসকলৰ দৃষ্টিৰ পৰা নিলগত ৰোৱা তেওঁৰ সৃষ্টি সমূহ পুনৰ আলোচনালৈ অহা উচিত। আমাৰ বিশ্বাস, এই ৰচনাসম্ভাৰৰ চৰ্চাই অসমীয়া ভাষা-সাহিত্যক এক উজ্জ্বল পথৰ সম্ভেদ দিব।


- অচ্যুত কুমাৰ বৰা

প্ৰকাশঃ 'যুৱ চিন্তন', অগ্ৰদূত, ১৪ মে, ২০১৭




No comments:

Post a Comment