শিল আৰু নৈ



এটা জীয়া শিলে 

বৈ যোৱা নদীক ক'লে

তোমাক জানো সুধিছোঁ কেতিয়াবা

বুকু ভাঙি কিয় গুচি যোৱা সাগৰলে


কঠিনৰ পৰা কঠিনতম কৰি 

নিজকে গঢ়িছোঁ

তোমাৰ পৰশত বাৰে বাৰে ভাগিছোঁ


প্রতিবাৰেই তুমি চিনাই যোৱা

মই যে কেৱল বালিৰে আৱৰা এমুঠি শূন্যতা


তোমাৰ এধানি স্পৰ্শলৈ 

মোৰ যে অন্তহীন পিয়াহ

জহি খহি উপভোগ কৰোঁ 

প্রতি আঘাতত বিয়পি পৰা

খিল্ খিল্ হাঁহি মুকুতা


বুকু পাতি বুকু ভাঙি

বুকু ভাঙি বুকু পাতি

কি যে অনামি আকুলতা


তুমি জানা অথবা নাজানা

তোমাৰ মোৰ কাহিনী একেই ভালপোৱাৰে গঢ়া

তোমাৰ ভালপোৱা সৌ দূৰণিৰ সাগৰৰ বিশালতা

মোৰ ভালপোৱা তোমাৰ নিৰৱধি যাত্রা।

No comments:

Post a Comment