মাজুলী চাপৰিৰ ডায়েৰী

- কাৰপুংপুলি টায়ুং

- ইয়েছ ছাৰ

- ফুলনদেৱী কুম্বাং

- ইয়েছ ছাৰ

- কালি কিয় অহা নাই?

- ছাৰ তই কালি ঘৰলৈ গৈছিলি।

- মই হে নাছিলোঁ, ছাৰ আছিল নহয়...

- ঐ ছাৰক কিয় তই বুলি কৈছ?

মই কিবা এষাৰ কওঁ বুলি আৰম্ভ কৰোঁতেই মঞ্জু মিছং নামৰ পঞ্চম শ্রেণীৰ ল'ৰাটোৱে চিলনীয়ে থপিওৱাদি মোৰ কথাষাৰ থাপ মাৰি নি গৰজি উঠিল।

- 'ছাৰক তই বুলি নক'বি। তুমি বুলিহে ক'ব লাগে। এইচবক একদম পিটি দিবি ছাৰ।'

মই হাঁহিম নে কান্দিম একো ততকে ধৰিব নোৱাৰিলোঁ।

মিছামৰা চাপৰি। দুখৰ মাটি চহাই সুখৰ শইচ সিঁচা এজাক মানুহৰ বাসভূমি। এজাক

হালধীয়া আৰু সেউজীয়াৰ খেতি কৰা খেতিয়কৰ খেতিপথাৰ। এজাক সপোন-বলিয়া কণমানিহঁতৰ ওমলা ঘৰ। বহিঃবিশ্বৰ পৰা একেবাৰেই বিচ্ছিন্ন এটা এলেকা। নাই ম'বাইল নেটৱৰ্ক, নাই ৰাস্তা-ঘাট কিম্বা পদুলি। সপোন সপোন লগা এনেকুৱা এখন ঠাইত মই কর্মসূত্রে প্রায় এবছৰৰ অধিক কাল কটোৱাৰ সুযোগ পাইছিলোঁ।

মাজুলী বুলি ক'লে সততে সৰ্বসাধাৰণৰ মনত একাঁঠু বোকা, এডিঙি পানী আৰু খৰালিৰ শুকান ধূলিৰে পুতি থোৱা এখন চিনাকি ছবি ভাহি উঠে। কিন্তু বাস্তব ক্ষেত্রত মাজুলী মানে হ'ব পাৰে চকুৰে ঢুকি নোপোৱাকৈ কেৱল হালধীয়া আৰু

হালধীয়া। মাজুলী মানে হ'ব পাৰে গা-ভাৰী সেউজীয়া পথাৰ এডৰা। মাজুলী মানে হ'ব পাৰে শৰতৰ পূৰ্ণিমাৰ জোনাক নিশা কর্ণকুহৰত সু-মধুৰ আলোড়ন তোলা কোনোবা কলীয়া কানাইৰূপী গৰখীয়া ল'ৰাৰ মধুৰ মুৰুলি। মাজুলী মানে চিফুং আৰু ঢোলৰ সুৰ সমলয়, মৃদং আৰু খোলৰ ঐক্যতান।

বাস্তৱৰ মাজুলীত মই ভৰি থোৱা আবেলি আহিনৰ জাগলত পুষ্পিতা নদীখন গৰ্ভৱতী হৈছিল। দুপাৰৰ ঘাঁহ-বনবোৰৰ ওপৰেৰে গা-ভাৰি নৈখন বাগৰি আহিছিল। ভাবিছিলো আহিনীয়া বতাহ লাগি লুইতৰ উঠন বুকুত উঠা ঢৌবোৰৰ অট্টহাস্যই মোৰ গাঁৱৰ মানুহবোৰৰ টোপনি কাঢ়িব। কিন্তু ভাবনাৰ সম্পূৰ্ণ বিপৰীত এখন ছবি মোৰ সম্মুখত আঁৰি দিছিল মানুহবোৰে। নিয়ন্ত্রনহীন নৈখনৰ যৌৱনত সুখ বুটলিছিল মানুহবোৰে। চোতাললৈকে বাঢ়ি অহা একাঁঠু পানীত উটুৱাই দিছিল টোমে টোমে দুখ। অক্ষয়, কাৰপুংপুলিহঁতে জঁপিয়াই জঁপিয়াই পানী খচিছিল। মই লুকাই-চুৰকৈ চাইছিলোঁ সিহঁতৰ চকুবোৰলৈ। নাই, সেই চাৱনিত নামমাত্রও নাছিল শংকা, হতাশা অথবা দুখবোধৰ চিন। আছিল প্রাপ্তিৰ জিলমিলনি। সেই ৰাতি মোৰ উজাগৰে কাটি হৈছিল। লাহে লাহে সকলোবোৰ আপোন হৈ পৰিছিল। চিনাকি চিনাকি মন অথচ অচিনাকি মুখ। অচিনাকি মানুহবোৰৰ মনবোৰ, হৃদয়বোৰৰ প্ৰতি মোৰ বুকুত গজি উঠিছিল এক অদ্ভুত টান, এক আত্মিক প্রেম। সৰু সৰু ল'ৰা-ছোৱালীবোৰ কাষ চাপি আহিছিল। আমাৰ মাজত প্রথমাৱস্থাত ভাবৰ বিনিময় হৈছিল আকাৰে-ইংগিতেৰে। পাছলৈ তচীল কাই যেতিয়া মোৰ কোঠাত আহে মই জপাই থওঁ মনোবিজ্ঞানৰ জটিল অধ্যায়। নোটবোক উলিয়াই লৈ আগ্রহেৰে শিকি যাওঁ মিচিং ভাষাৰ সাধাৰণ শব্দবোৰ। দিনটোত এবাৰ ভাইকণ দাক পাওঁ। সেই সৰু মেচিন নাওখনৰ গৰাকী, যিখন নাও আমাৰ সৰু চাপৰিটোত সদায় চাপিছিল। তেওঁৰ লগত প্রায়ে কথা হৈছিলোঁ, যোৰহাটৰ খবৰ আথেবেথে লৈছিলোঁ।


ফাগুন মাহত নৈখন বহুত তললৈ নামি গৈছিল। আজিকালি ভাইকণ দাৰ নাওখন সৌ কেঁকুৰিটোৰ পৰা দেখা পোৱা নাযায়। ধূলিৰে ধূসৰিত মাহতলী। বাও ধানৰ পাত।

ফাগুনৰ এনে এটা আবেলিত এখন সৰু জাহাজ (ফেৰী) আমাৰ ঘাটত লাগিছিলহি। মোৰ সম্মুখেদি জাক জাক ল'ৰা-ছোৱালী ঢাপলি মেলিছিল, যি, য'ত, যেনেকৈ আছিল, তেনেকৈয়ে। সিহঁতে চিঞৰিছিল- 'ডাক্টৰ নাও, ডাক্টৰ নাও।' মই অলপ দোমোজাত পৰিছিলোঁ। সাধাৰণতে ডাক্টৰ বুলি ক'লে আমাৰ ল'ৰা-ছোৱালীয়ে আঁতৰতে সাত

জাঁপ মাৰে। তেনেস্থলত ইহঁতৰ কিয় ইমান বিপুল আদৰণি? ডিঙি মেলি চাওঁতে দেখা পালোঁ, নাওখনৰ বুকুত লিখা আছে-Centre for North East studies and Policy Research (C-NES)

সন্ধিয়া নাওখনৰ মানুহবোৰৰ লগত চিনাকি হ'লোঁ। প্রায় সংখ্যকেই দক্ষিণ পাৰৰ। মুঠ ১৬ জন কর্মচাৰীৰে এখন সৰূ ভ্রাম্যমাণ চিকিৎসালয়। যোৰহাটৰ সাহসী জীয়ৰী ঋতুৰেখা বৰুৱাৰ তত্ত্বাৱধানত বহু বছৰ ধৰি মাজুলীৰ চাপৰিবোৰত এই বেচৰকাৰী সংগঠনটোৱে বিনামূলীয়া চিকিৎসা সেৱা প্রদান কৰি আহিছে। ঋতুবাৰ সান্নিধ্যলৈ আহি মই নিজকে নতুনকৈ আৱিস্কাৰ কৰিলোঁ। মোৰ আদর্শ আৰু কৰ্ম প্ৰেৰণাৰ অন্য এক উৎস হৈ ৰ'ব সেই নাৰী। আকাশৰ দৰে উদাৰ যাৰ মন, উদিত সূৰুযৰ দৰে যাৰ কৰ্ম। মানুহৰ প্রতি কিমান আন্তৰিকতা হৃদয়ত পুঁহি ৰাখিলে, কিমান মানৱ দৰদী হ'লে লুইতৰ বুকুকে নিজৰ ঘৰ বুলি ভাবিব পাৰে এগৰাকী নাৰীয়ে। কিমান সাহসেৰে বুকু ভৰি থাকিলে লুইতৰ চাপৰিয়ে চাপৰিয়ে বিলাই ফুৰিব পাৰে নিজক। মোৰ আদৰ্শৰ নাৰী ঋতু বা। তেওঁৰ এই আলোকময়ী যাত্রাই এখন অন্ধকাৰ জগতক নতুন দিগন্তলৈ বাট কাটি লৈ যোৱাত সার্থক হওক। ঋতুবাৰ সান্নিধ্যলৈ আহি আমি চাপৰিৰ শিশুসকলৰ মাজত লুইতৰ শুকুলা দলিচাত কবিতা আবৃত্তি, চিত্রাংকণ, গীতৰ প্রতিযোগিতা আদি অনুষ্ঠিত কৰিবলৈ পাই বহুত সুখী হৈছিলোঁ। প্রতিযোগিতাৰ শেষত দিয়া পুৰস্কাৰসমূহ লৈ সিহঁতে যে কেইবাটাও উজাগৰী নিশা সপোন আঁকি আঁকি পাৰ কৰিছিল সেই কথা পাছত জানিব পাৰিছিলোঁ।

'আমি অকণি, অকণি আমি, লুইতৰ বুকুৰ কণমানি মইনা, মাৰামৰ কাষত ফলি-পুথি হাতত, সবে মিলি দেখো আমি সপোন সেউজীয়া'।

মোৰ কথা আৰু সুৰৰ এই গীতটো মেডিকেল কেম্পৰ জোনাকী নিশা সিহঁতে চিঞৰি চিঞৰি গাওঁতে, তন-মন অজান পুলকেৰে পুলকিত হৈছিল। প্ৰাপ্তিৰ খিলখিল হাঁহিবোৰৰ সৈতে লুইতখনক সেইদিনা প্রাণ-চঞ্চলা দেখা গৈছিল।

আন্তৰিকতাৰ ভাষা নাথাকে; যেনেকৈ অন্তৰংগতাত নাথাকে জাতি, ধর্ম, জনগোষ্ঠীৰ প্রভাৱ। মিছামৰাৰ ঘাটত কলহ থেকেচি অচিনাকি মিচিং গাভৰুজনীয়ে উচুপি উঠা আবেলিটোৱে মোৰ বুকু ধিয়াই বিষাদৰ শেল এপাত মাৰি পঠিয়াইছিল। তেওঁ মোৰ কোনোদিনে চিনাকি নাছিল। গাম'ৰ চাঙত আপঙৰ বাটিত যিদিনা প্ৰথম বাৰ নিজক চাইছিলোঁ, উৎকণ্ঠা আৰু শংকাৰ এক মিশ্রিত আৱেগে দোলা দি গৈছিল মন-মগজুত। পৰ নগজিঙৰ ৰাগিত চাং ঘৰৰ বাৰাণ্ডাৰ পৰা সৰি পৰা নিশাটোত কাষৰ চাৰিটা চাংঘৰ সাৰে আছিল, দুকুৰি হৃদয়ে ঘেৰি ৰাখিছিল মোক ওৰেটো নিশা। মই ছমাহৰ আগত তেওঁলোকৰ বাবে অচিনাকি আছিলোঁ।

শেষবাৰৰ বাবে মিছামৰাক এৰি আহিবৰ দিনা মই থৰহৰি কঁপিছিলোঁ। কঁপা কঁপা দুহাতেৰে চুই চাইছিলোঁ টচীলকায়ে তৈয়াৰ কৰি দিয়া বাঁহৰ পালেং (বিছনা বুলি ক'বলৈ মোৰ সাহস নাই)খন, টেবুলখন, মৰমৰ ৰেডিঅ'টো। বাৰাণ্ডাৰ বালিচঁহীয়া এমুঠি মাটি নাকৰ কাষলৈ আনি একে উশাহে কলিজাৰ মাজত সোমোৱাই ল'লো ফুৰফুৰীয়া গন্ধ; যি আজিও মোৰ লগত আছে। ভাইকণ দাৰ নাওখনৰ ধপ্ ধপ্ শব্দবোৰ যিমানেই ওচৰ চাপি আহিছিল, সিমানেই বুকুখন দুৰু দুৰুকৈ কঁপিছিল। টচীল কাইক সকলোবোৰ গতাই মই খোজ ল'লোঁ ঘাটটোৰ ফালে। পাছে পাছে এজাক মানুহ, মাটিৰ মানুহ, শইচৰ মানুহ।

নাওখনত ভৰিটো থওঁতে মই এখন পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিচ্ছিন্ন হৈ যোৱা যেন ভাব হৈছিল। যিখন পৃথিৱী আমাৰ আছিল, যিখন পৃথিৱী মানুহৰ আছিল, সেইখন মোৰ প্রিয় পৃথিৱী, হেঁপাহৰ পৃথিৱী। নাওখনে ঘাট এৰিছিল। মৰ সাহস গোটাই পিছলৈ ঘূৰি চালোঁ, অশ্রুসিক্ত চাৱনি এজাকে মোক আকুলতাৰে হাত বাউল দি মাতিছিল অথচ জঠৰ হাতবোৰ বিদায় ভংগিমাত লৰি আছিল।

মোৰ হাতত ওলমি আছিল দুটা চাবি। আনদিনা ঘৰলৈ অহাৰ দৰে এইবাৰ মোৰ কোঠাৰ দুৱাৰত বন্ধা নহ'ল শিকলি, মৰা নহ'ল লোৰ তলা। চাবি দুটা দলিয়াই দিওঁ বুলিও ৰৈ গ'লোঁ। গোট মাৰি থকা হৃদয়খনত শাওণৰ বান আহিল, দুচকুৰে দোকোলটকা বান হৈ নামিল। এই সময়ক ধৰি ৰাখোঁ বুলিয়েই খুলি ল'লোঁ ডায়েৰীৰ পৃষ্ঠা। ২৮ জুন, ২০১৩। মই পাৰিম জানো কলমৰ কেইটামান আখৰেৰে এই সময়ক বান্ধি থ'ব। পাৰিম জানো মই! উকা পৃষ্ঠাটোত চাবি দুটা থৈ মই ডায়েৰীখন জপাই থ'লোঁ।




- অচ্যুত কুমাৰ বৰা

প্ৰকাশঃ দৈনিক জনমভূমি, ১৫ মাৰ্চ, ২০১৫

No comments:

Post a Comment