যুৱ-চিন্তন শিতানৰ এই লেখাত আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ ভাৰত-পাকিস্তানৰ বিভাজনৰ সময়ৰ আমি সততে দেখা পোৱা ছবিখনৰ আঁৰৰ সমান্তৰাল অন্য এখন বাস্তৱ জগতৰ কিছুমান কথা। সৰুৰে পৰা এই বিষয়ে এক কৌতূহল মনত পুঁহি ৰাখিছিলো। বিভিন্ন চলচ্চিত্ৰ আৰু প্রবন্ধ, গল্পত এই বিষয়ে সময়ে সময়ে কিছু কথা অধ্যয়ন কৰাৰ সৌভাগ্য হৈছিল যদিও শেহতীয়াকৈ পঢ়া বিশিষ্ট লেখিকা উৱর্শী বুটালিয়াৰ গ্ৰন্থৰ সুৰেন তালুকদাৰে কৰা অসমীয়া অনুবাদ 'নৈঃশব্দৰ সিপাৰে' পঢ়ি অধিক সমৃদ্ধ হ'লো। আমাৰ এই লেখাৰ উদ্দেশ্য গ্রন্থখনৰ সমালোচনা বা পর্যালোচনা নহয়। বিভাজন সম্পর্কে থকা দীর্ঘদিনীয়া কৌতূহল আৰু আমাৰ মনত ঊৰ্বশী বুটালিয়াৰ কৰ্মৰাজি তথা গ্রন্থখনৰ প্রভাৱ, এই সম্পর্কে এক আলোচনাহে।
১৯৫৩ চনত হাৰিয়ানাৰ আম্বালা চহৰত জন্মগ্রহণ কৰি ঊর্বশী বুটালিয়া যোগিন্দৰ সিং বুটালিয়া আক সুভদ্রা বুটালিয়াৰ তৃতীয় সন্তান আছিল। ১৯৭১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক উর্বশী বুটালিয়াই ১৯৭৩ চনত একেই বিশ্ববিদ্যালয়ৰ পৰা সাহিত্যত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰাৰ উপৰি লণ্ডন ইউনির্ভাচিটিৰ পৰা ১৯৭৭ত South Asian Studies বিষয়তো স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে। দিল্লীত অৱস্থিত অক্সফ'র্ড ইউনির্ভাচিটি প্রেছত নিজৰ কর্মজীৱন আৰম্ভ কৰা বুটালিয়াই পাছলৈ বিশিষ্ট ভাৰতীয় লেখিকা, সাংবাদিক ঋতু মেননব স'তে লগলাগি বিখ্যাত প্রকাশন প্রতিষ্ঠান Kali for Women প্রতিস্থা কবে। পাছলৈ সম্পূর্ণ একক প্রচেষ্টাত বুটালিয়াই Zubaan Books নামৰ প্রকাশন প্রতিষ্ঠানটো প্রতিষ্ঠা কৰে। ভাৰত-পাক বিভাজনক গৱেষণাৰ মুখ্য বিষয় হিচাপে গ্রহণ কৰা উৱৰ্শী বুটালিয়াই নাৰীবাদ, সাম্প্রদায়িকতাবাদ, লিংগ-বৈষম্য, মৌলবাদ আদি স্পর্শকাতৰ বিষয়সমূহক লৈ বহুতো তথ্যসমৃদ্ধ প্রৱন্ধ ভাৰতীয় সাহিত্যলৈ আগবঢ়াই থৈ গৈছে। ভাৰত চৰকাৰে ২০১১ত ঋতু মেনন আৰু ঊর্বশী বুটালিয়াক পদ্মশ্রী সম্মানেৰে সন্মানিত কৰিছে।
![]() |
| উৰ্বশী বুটালিয়া |
ৰেডক্লিফৰ ওপৰৰ স্বীকাৰোক্তিৰ পৰা এইটোৱেই প্রমান হয় যে আমাৰ নেতাসকলৰ অবিবেচকী কাণ্ডই লাখ লাখ মানুহৰ জীৱনলৈ এটা ৰাতিতেই কাল অমানিশা নমাই আনিছিল। এদিনৰ আগলৈকে একেখন গাঁৱতে সমিলমিলেৰে বসবাস কৰি থকা সৰল জীৱনবোৰক এডাল আঁচেই কৰি তুলিলে ভাৰতীয়ৰ পৰা হিন্দু-মুছলিম-শিখ। পৰিৱৰ্তন কৰিলে মানুহৰ পৰা অমানুহলৈ। নিজৰ মাজতে ক'ৰবাত যদি কটা-মৰা হ'ল আন ক'ৰবাত আকৌ কোনো নাৰী অপহৃত, ধর্ষিত হ'ল। এটা সম্প্রদায়ৰ মানুহে আন এটা সম্প্রদায়ৰ মানুহ দেখিলেই যুদ্ধংদেহি পৰিৱেশৰ সূচনা হ'ল। এই ধর্মীয় সংঘর্ষই পাছলৈ কেনে ৰূপ ধাৰণ কৰিলে সেইয়া বুটালিয়াই গ্রহণ কৰা বিভিন্ন সাক্ষাৎকাৰত বিতংকৈ বর্ণিত হৈছে। ঘটনাবোৰৰ পঠনে প্রতিজন পাঠকৰ মন শিঁহৰিত কৰি তোলে। নিজ ধর্মৰ মর্যদা ৰক্ষাৰ বাবে কেনেদৰে নিজ পিতৃয়ে নিজৰ কন্যাসন্তানসকলক শিৰচ্ছেদ কৰিছিল, কেনেকৈ নিজ স্বামীয়ে পত্নীসকলক হত্যা কৰিছিল আৰু কেনেকৈ হাঁহি হাঁহি তেওঁলোকে মৃত্যুক গ্রহণ কৰিছিল সেইয়া সঁচাই হৃদয়বিদাৰক দৃশ্য আছিল। তালুকদাৰে অনুবাদ কৰা ঊর্ধ্বর্শী বুটালিয়াৰ 'নৈঃশব্দৰ সিপাৰে' গ্ৰন্থখনত সন্নিৱিষ্ট তেনে এটা মর্মান্তিক ঘটনা আছিল এনেধৰণৰ।
'.... আমাৰ ছোৱালীবোৰক ৰক্ষা কৰিবলৈ শক্তি দিয়া প্রভু। গুলাব কৌৰে প্ৰাৰ্থনা জনালে। তেওঁ ইতিমধ্যে জানে যে সন্ত ৰাজা সিঙে ছাব্বিশগৰাকীকৈ নিজৰ আপোন ছোৱালীক নিজ হাতে হত্যা কৰিছে। কিন্তু বাকী ছোৱালী আৰু মহিলাসকলৰ কি হ'ব? তেওঁলোকক সিহঁতৰ হাতততো এৰি দিব নোৱাৰি। তেওঁলোকৰ মাজতে আলোচনা চলিল। শেষত আটায়ে কুঁৱাটোৰ ওচৰলৈ ঢাপলি মেলিলে। তেওঁলোক তৃষ্ণাতুৰ, পানী লাগে। মাতা লজ্জাৱন্তী অর্থাৎ গুলাব কৌৰে কিবা দুটা শব্দ উচ্চাৰণ কৰি কুঁৱাটোত জাঁপ দিলে আৰু লগে লগে প্রায় আশীগৰাকী মহিলাই এজনী এজনীকৈ কুঁৱাত জাঁপ দিলে। কুঁৱা ভৰ্তি হৈ গ'ল। বসন্ত কৌৰ নামৰ মহিলাগৰাকীয়ে ল'ৰা ছোৱালীকেইটা প্রথমে কুঁৱাটোলৈ দলিয়াই দিলে। তাৰ পাছত তেওঁ নিজে জাঁপ দিলে। কিন্তু কি হ'ব- চাৰিকুৰি মহিলাৰ মৃতদেহ কুঁৱাটোৰ পানীয়ে কোনোমতেহে বুৰাই ৰাখিছিল। বসন্ত কৌৰৰ দেহটো বুৰাই ৰাখিবলৈ তাত তেতিয়া পানীয়েই নাছিল। সন্তানৰ মৃতদেহকেইটাৰ ফালে চাই চাই তেওঁ বাৰে বাৰে উঠি আহে আৰু বাৰে বাৰে জঁপিয়ায়। কিন্তু যম ৰজাই তেওঁক লৈ নগ'ল। অপ্রমেয় দুখৰ বোজা বুকুত বান্ধি লৈ তেওঁ আজিও সোঁশৰীৰে বিদ্যমান।” (পৃষ্ঠা-১৮১)
ঊর্বশী বুটালিয়াই সংগ্ৰহ কৰা প্ৰতিটো সাক্ষাৎকাৰতে এনে হৃদয়বিদাৰক দৃশ্য প্রত্যক্ষ হয়। ইয়াৰোপৰি বিভাজনৰ কলংকিত সময়ছোৱাৰ অনেক কাহিনী 'The memory company'ৰ 'Indian Memory Project (tracing the identity & history of the indian subcontinent via family ar-chives)' নামৰ ৱেবছাইটটোত লিপিবদ্ধ হৈ আছে। ৱেবছাইটটোত প্ৰৱেশ কৰা প্ৰতিজন পাঠকেই বিভাজনৰ জুইয়ে দহা অনেক পৰিয়ালৰ কৰুণ বিননি শুনিবলৈ পায়। আজি ষাঠি বছৰে এইছোৱা সময়ৰ বহুতো এনে কথিত কাহিনী প্রচলিত হৈ আহিছে, যিবোৰ কথা বা ঘটনাৰ একত্ৰিকৰণে একোখন বৃহৎ কলেৱৰৰ ইতিহাস যে প্রস্তুত হ'ব, সি নিশ্চিত। এনে পৰিপ্ৰেক্ষিততে উর্বশী বুটালিয়াই অসীম ধৈর্য্য আৰু সাহসিকতাৰ পৰিচয় দি আমাক উপহাৰ দিয়া তেওঁৰ 'The Other Side of Silence' শীর্ষক গ্রন্থখন বিভাজন সর্ম্পকে অনেকৰ মনত বিচৰণ কৰি থকা অলেখ উত্তৰবিহীন প্ৰশ্নৰ উত্তৰ আৰু বিভাজনৰ আঁৰৰ বাস্তৱখিনিৰে এখন যুগান্তকাৰী দলিল। বুটালিয়াৰ এই সাহসী পদক্ষেপে নৈঃশব্দৰ সিপাৰৰ চিঞৰবোৰ আমাৰ বুকুলৈ বোৱাই আনিলে। এইখিনিতে উল্লেখ কৰোঁ যে উবর্শী বুটালিয়াৰ 'The Other Side of Silence'ৰ অসমীয়া নামকৰণ 'নৈঃশব্দৰ সিপাৰে' অতি মনোগ্রাহী হৈছে। গ্ৰন্থখনৰ সাৱলীল অনুবাদে অসমীয়া পাঠকৰ এটা বহুদিনীয়া অভাৱ পূৰণ কৰাৰ বাবে অনুবাদক সুৰেন তালুকদাৰ নিঃসন্দেহে ধন্যবাদৰ পাত্ৰ।
প্ৰকাশঃ "যুৱ চিন্তন" স্তম্ভ লেখা, অগ্ৰদূত, ১৯ জুলাই, ২০১৭


No comments:
Post a Comment