ইমান ভীৰৰ মাজত
মুখ এখন হেৰাই গ'লে
কাৰ কি আহে যায়
ইমান মাতৰ মাজত
মাত এটা নুশুনা হ'লে
কোনে ক'ত হাবাথুৰি থায়
দিন এটা শেষ হৈ জোন জ্বলে জিকমিকাই
জোন গলি সৰি গ'লে ন পুৱাই ভুমুকিয়াই
ইমান স্মৃতিৰ মাজত
কোনো এটা ধূসৰ হ'লে
জীৱন জানো তাতে ৰৈ যায়?
No comments:
Post a Comment