প্লাষ্টিক

আপোনাক দেখিয়েই মই চিনি পাইছোঁ
ৰুগ্ন শৰীৰ, ক্লান্ত দৃষ্টি
এই প্লাষ্টিকৰ পৃথিৱীৰ আপুনি নতুন অতিথি।

আপোনাক দেখি কোনোবাই মূৰ দূপিয়াই হাঁহিছে
ভোল নাযাব, হাঁহিটো প্লাষ্টিক
পথৰ কাষে কাষে ঘৰ শুৱনি ফুলবোৰ ফুলি থকা যে দেখিছে
চাৰিআলিৰ চুকৰ সৌ চৰকাৰী আঁচনিৰ হৰ্ডিং
সকলো প্লাষ্টিক।

এইফালে চাওক, জাতীয়তাবাদী আমাৰ নেতাই জনতাক দিছে দেশপ্ৰেমৰ আদিপাঠ
চকুলো সৰিছে, থোকাথোকি মাত
আপুনি মিছাতে সেমেকি নুঠিব
চকুপানীবোৰ প্লাষ্টিক।

পুৱাৰ পৰা শুৱালৈকে যিমান আলিংগন
যিমান কৰমৰ্দন
সেই সকলো স্পৰ্শ প্লাষ্টিক।

টুথব্ৰাছৰ পৰা হাৱাই চেণ্ডেললৈকে
ইয়াত প্লাষ্টিক দৈনন্দিন
প্লাষ্টিক দৰদ, প্লাষ্টিক প্ৰেম
প্লাষ্টিক প্ৰাৰ্থনা, প্লাষ্টিক আৰ্শীবাদ
পাৰ্কৰ ষ্টেচুবোৰৰ দৰে প্লাষ্টিক 
প্ৰেমিক প্ৰেমিকাৰ পিয়াতুৰ ওঁঠবোৰ।

এই প্লাষ্টিকৰ পৃথিৱীত 
আপুনি যদি বিচাৰিছে আগবাঢ়ি যাব
তেনে ওঁঠত সানি লওক এটা প্লাষ্টিক হাঁহি
মুখ ঢাকি পিন্ধি লওক এখন প্লাষ্টিকৰ মুখা

এতিয়া জাউৰীয়ে জাউৰীয়ে বজাওক 
প্লাষ্টিকৰ হাতচাপৰি
যিহেতু আপুনি ইমানপৰে পঢ়ি আছিল 
এটি প্লাষ্টিক কবিতা।

- অচ্যুত কুমাৰ বৰা 

No comments:

Post a Comment